বিশ্বনাথঃ ভাল খবৰটো আহিল। কিন্তু ফলাফল জানিবলৈ আহৰি নাই বিকিৰ। কিয়নো দৰিদ্ৰ পৰিয়ালৰ সন্তান বিকিয়ে পেট পুহিবলৈ কাম কৰে এখন গেলামালৰ দোকানত।  

বিশ্বনাথ চাৰিআলিৰ মিজিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰিক্ষাত এইজন কঠোৰ পৰিশ্ৰমী ছাত্ৰই ৪ টা বিষয়ত লেটাৰ মাৰ্ক সহ লাভ কৰিছে ৮০%।

বিকিয়ে ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু অসমীয়াত লাভ কৰিছে লেটাৰ। অতিকৈ দুখৰ বিষয় ফলাফলৰ দিনাও গেলামাল দোকানত কৰ্মৰত অৱস্থাত থকা বিকিয়ে নিজৰ ভাল খবৰটো গম পাই ঢপলিয়াই গৈছিল বিদ্যালয়লৈ বুলি।

ইয়াৰ পিছতেই নিজৰ ভাল খবৰটো দিবলৈ বুলি বিদ্যালয়ৰ সমীপতে থকা নিজৰ ঘৰলৈ গৈ দেখা পালে শুভেচ্ছা দিবলৈ অহা শুভাকাংক্ষীয়ে ভৰি পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ ঘৰ। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ বিকিৰ মাতৃ মঞ্জু জেনা মিজিকা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী।

কোনো ধৰণৰ দা-দৰমহা নোপোৱা মঞ্জু জেনা সামৰ্থ নাছিল পিতৃ হাৰা বিকিক শিক্ষা গ্ৰহণৰ বাবে সুবিধা কৰি দিবলৈ।

সেয়েহে মিজিকা চেন্টাৰৰ শিৱ নাৰায়ণ প্ৰসাদৰ গেলামাল দোকানত কৰ্মচাৰী হবলৈ বাধ্য হৈছিল দুৰ্ভগীয়া বিকি। চিকিৎসক হ’বলৈ মনত হেঁপাহ পুহি ৰখা বিকিয়ে গেলামাল দোকানত কাম কৰি যি কেইটা টকা উপাৰ্জন কৰে সেইকেইটা যথেষ্ট নহয় উচ্চ শিক্ষাৰ বাবে।

নৱ প্ৰজন্মৰ বাবে আদৰ্শ এনে মেধাবী ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে দল-সংগঠন সমূহকো সহায়ৰ হাত আগবঢ়ালৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।