01
Jun
2017

ওৰাংঃ ওৰাঙত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে অভিশপ্ত। বুধবাৰে দুজনকৈ যুৱকৰ ঘাইপথত মৃত্যু হোৱা পিছত আজি পুনৰ একেটা স্থানতে এজন ব্যক্তিৰ মৃত্যু হয় পথ দুৰ্ঘটনাত।
ধনশ্ৰীঘাটত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী এখন ট্ৰাকে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা। দুই নং ভালুকমাৰী গাঁৱৰ নিবাসী মনিৰাম দৈমাৰী (৩২) ৰৌতাৰ পৰা আহি থাকোঁতে সংঘটিত হোৱা এই শোকাবহ ঘটনাটোত থিতাতে নিহত হয়।