
তেজপুৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কিছুদিন আগতে কাশ্মীৰত ছহিদ হৈছিল পৰাশৰ কলিতাৰ পিতৃ পূৰ্ণনন্দ কলিতা। কিন্তু পিতৃৰ সপোন পূৰাবলৈ দৃঢ়প্ৰতিজ্ঞ পৰাশৰে একাগ্ৰতাৰে অধ্যয়ন কৰি পৰিয়াললৈ আনিলে সুখৰ বতৰা।
একাগ্ৰতা থাকিলে মানুহ সকলো ক্ষেত্ৰতে সফল হয়। এই কথাই প্ৰমাণ কৰিলে তেজপুৰ ডিপোটা মিলন বাকৰিৰ মেধাৱী ছাত্ৰ পৰাশৰে। পৰীক্ষাৰ পূৰ্বে শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিয়ালটোত এনেদৰে আনন্দৰ ঢৌ বোৱাই আনে পৰাশৰে।
মানসিক ভাৱে ভাগি পৰা পৰিয়াললৈ অকণমান সুখৰ ৰেঙনি আনি দিয়া পৰাশৰে অধ্যয়নৰ মাজেৰে জীয়াই ৰাখিলে পিতৃক।
একাগ্ৰতাৰে অধ্যয়ন কৰি পৰাশৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেউটা বিভাগত লেটাৰ নম্বৰসহ ৯১ শতাংশ নম্বৰেৰে ডিষ্টিংশ্যন লাভেৰে পিতৃক শ্ৰদ্ধা জনায়। পিতৃৰ ফটো বুকুৰ মাজত লৈ হুকহুকাই কান্দি উঠে মেধাবী ছাত্ৰজনে। পৰাশৰে দৰং মহাবিদ্যালয়ত নামভৰ্তি কৰি অধ্যায়ন কৰিব বুলি জনাইছে।