বিশ্বনাথ: উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজ্যৰ চৌদিশে আনন্দত আত্মহাৰা হৈ পৰা দেখা পোৱা গৈছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল। কিন্তু বিহালীৰ বতিয়ামাৰী গাঁৱত এগৰাকী মেধাবী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯২% নম্বৰ লাভ কৰিও চকুলোৰে দিন কটাবলগীয়া হৈছে। 

কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে ছাত্ৰী গৰাকী। অতি দৰিদ্ৰ পৰিয়ালৰ দিপিকা বিতাল বৰগাংৰ জ্ঞানম একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰী। অতিকৈ দৰিদ্ৰ মেধাবী দিপিকাই হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবেই জ্ঞানম একাডেমীয়ে বিনামূলীয়া শিক্ষাৰ সুবিধা প্ৰদান কৰিছিল যদিও এতিয়া তাই সন্মুখত দেখা দিছে অনিশ্চয়তাই।  

উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ সময়তে তাইৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমাৱস্যা। কাৰণ সেই সময়তে ছাত্ৰী গৰাকীৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে মাটি-বাৰি বিক্ৰী কৰি চিকিৎসা গ্ৰহণ কৰিছিল যদিও পৰীক্ষাৰ পিছতেই পিতৃহাৰা হৈ পৰিল দিপিকা। কিন্তু মৃত পিতৃৰ সপোন আছিল নিজ কন্যাক উচ্চ শিক্ষা প্ৰদান কৰা। পিছে দুবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পিতৃৰ অৱশেষত  মৃত্যুৰ লগে লগেই যেন দিপিকাৰ সপোনবোৰৰ মৰহি গল।

কাৰণ পৰিয়ালত কোনো পুৰুষ নথকা এই জুপুৰী ঘৰখনত কেৱল আছে মাক আৰু তাই। যাৰ বাবে এইদৰে কান্দোনত ভাগি পৰিছে দিপিকা। স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ত ৰান্ধনী হিচাবে কৰ্মৰত মাকে মাহিলি পোৱা ১০০০ টকা দৰমহাৰে দুবেলা-দুমুখি খাই আছে পৰিয়ালটোৱে। অত্যন্ত পঢ়াৰ হেপাহ থকা এই ছাত্ৰী গৰাকীয়ে এতিয়া অনিশ্চয়তাত ভূগিছে। কাৰণ সন্মুখত এতিয়া হেঙাৰ হৈ থিয় দিছে দৰিদ্ৰতাই । সেয়েহে দিপিকাক এতিয়া প্ৰয়োজন কোনো হৃদয়বানৰ এখনি সহায়ৰ হাত।