নলবাৰী:  নলবাৰী শান্তি নিৱাস অনাথ আশ্ৰমত থকা ৮০ উৰ্ধৰ এই ককা গৰাকীৰ নাম কেৰেপ বড়ো। ওডালগুৰি জিলাৰ টংলা  অঞ্চলৰ ককা গৰাকীয়ে যোৱা দুবছৰৰ অধিক সময় নলবাৰী শান্তি নিৱাস অনাথ আশ্ৰমৰ সদস্য হিচাপে আছিল।

দীৰ্ঘদিনে কেইবাটাও বেমাৰত ভূগি থকা স্বত্বেও সকলোৰে সৈতে  হাঁহি-ধেমালিৰে কেৰেপে পাৰ কৰিছিল দিনবোৰ।কেওঁ কিছু নোহোৱা কেৰেপ ককাই য়ে জীৱনৰ বিয়লি বেলাত আশ্ৰয়হীন হৈ পৰে। দুবছৰ পুৰ্বে বড়ো আশ্ৰমৰ আলহী হয় যদিও কালি নিশা তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে। আজি বিয়লি ৩:৩০ বজাত নলবাৰী ৰাজহুৱা শ্মশানত তেওঁৰ  শেষকৃত্য সম্পন্ন কৰা হ'ব।