01
Jun
2017

মুকালমুৱাঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰা মুকালমুৱাৰ নুৰুল হক আলীক আজি বাৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাই পুৰস্কাৰ হিচাপে এক লাখ টকা আগবঢ়ায়।
নুৰুলৰ ঘৰত আজি বিধায়ক জন নিজে উপস্থিত হৈ এক লাখ টকা প্ৰদান কৰে। এজন ট্ৰাক চালকৰ সন্তান নুৰুলে ৫৮৮ নম্বৰ পাই দ্বিতীয় স্থান দখল কৰিছিল। আজি নুৰুলক তেওঁ অধ্যয়ন কৰা ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমীক বিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয়।