কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিল উপ আৰক্ষী চকীৰ অধীনৰ ৰাইমানাত আজি নিশা সেনা আৰু অচিনাক্ত দুষ্কৃতিকাৰীৰ মাজত গুলীচালনাৰ সংঘটিত হয়। এই ঘটনাত এগৰাকী সেনাবাহিনীৰ কেপ্টেইন গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন এগৰাকী নিৰীহ গঞালোক আহত হয় ।

অচিনাক্ত দুষ্কৃতিকাৰীৰ সতে সংঘটিত হোৱা গুলীচালনাৰ ফলত আহত হোৱা সেনা বিষয়াগৰাকীক ৩ নং ৰাজপুত ৰেজিমেণ্টৰ কেপ্টেইন টি পি  সিঙ বুলি জানিব পৰা গৈছে। আনহাতে গুলীচালনাৰ ফলত দুৰ্ভাগ্যজনকভাৱে গুলীবিদ্ধ হোৱা নিৰীহ লোকজন হৈছে গোসাঁইগাঁও থানাৰ অন্তৰ্গত অমৃতপুৰ চৰাইবিলৰ ৰূপম টিগ্গা(৩০)।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে আজি নিশা প্ৰায় ৮:৩০বজাত ৰাইমানাত সেনাৰ টহলদাৰী দল এটাৰ ওপৰত অতৰ্কিতে অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাত সেনা বাহিনীয়েও ওলোটাই গুলীৰে প্ৰত্যুত্তোৰ দিয়ে।

উক্ত ঘটনাতে সেনাৰ কেপ্টেইন টি পি সিঙ আহত হোৱাৰ লগতে আন এগৰাকী স্থানীয় ব্যাক্তিও আহত হয় । আহতসকলক ততালিকে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা যদিও চিকিৎসকে কেপ্টেইন টিপি সিঙক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ ইতিমধ্যে অভিযান আৰম্ভ হৈছে বুলি মত প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

উল্লেখ্য যে যোৱা ৯ মেত চিৰাং জিলাত এছ এছ বিৰ উপ-পৰিদৰ্শক অমল সৰকাৰ উগ্ৰপন্থীৰ গুলীত নিহত হোৱাৰ পিছত এইবাৰ কোকৰাঝাৰত সেনাৰ ওপৰত আক্ৰমণ সংঘটিত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।