ৰঙিয়াঃ বুধবাৰে ঘোষিত হাইস্কুল-হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বিসংগতিয়ে বিভাগটোক পুনৰ বিতৰ্কৰ মাজলৈ লৈ যোৱাৰ মাজতে আন এক আঁসোৱাহৰ কথা পোহৰলৈ আহিছে। ৰঙিয়া হাই মাদ্ৰাছাত চেণ্টাৰত নম্বৰ ভূলেৰে আহিল মাৰ্কশ্বীট।

অসম মাধ্যমিক শিক্ষা পৰিষদক ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে যিমানে সংশোধন তথা নিকা কৰাৰ বাবে চেষ্টা নকৰক কিয়, এচাম বিষয়া-কৰ্মচাৰী বাবে চেবাৰ কাম-কাজ যে কোনোদিনে ক্ৰুটিমুক্ত নহ’ব সেই কথাই পুনৰ প্ৰমাণিত হ’ল এই ভুলৰ দ্বাৰা।

সদ্যঘোষিত অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ পিছতে পৰীক্ষাৰ্থীক প্ৰদান কৰা হৈছিল মাৰ্কশ্বীট। সেইমতে ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও অসম হাই মাদ্ৰাছা পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা ৯৯ গৰাকী পৰীক্ষাৰ্থীক মাৰ্কশ্বীট প্ৰদান কৰা হয়।

কিন্তু উক্ত মাৰ্কশ্বীটসমূহত দেখা গ’ল সাংঘাতিক বিসংগতি। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিদ্যালয়খনৰ পৰীক্ষাৰ চেণ্টাৰ নম্বৰ BM 17-959 হ’ব লাগে যদিও চেবাৰ ভুলৰ বাবে প্ৰতিখন মাৰ্কশ্বীটত চেন্টাৰ নম্বৰ হৈ আছে BM 17-095।

তদুপৰি বিদ্যলয় খনৰ পৰা পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ মাৰ্কশ্বীট সমূহত নম্বৰৰ ক্ষেত্ৰতো বৃহৎ খেলিমেলি হোৱা বুলি জানিবপৰা গৈছে।