ডিজিটেল ৰিপ'ৰ্টঃ অম্বুবাছীৰ আগে-পিছে ৰক্তাক্ত হ’ব পাৰে অসম। ৰাজ্যখনত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছে সংঘটিত কৰিব পাৰে এই আক্ৰমণ। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা এই সতৰ্কবাণী লাভ কৰাৰ পিছতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ লগতে অসমত জাৰি কৰা হৈছে হাই এলাৰ্ট।

ৰাজ্যখনত জামাত উল-মুজাহিদিনৰ কেবাজনো সদস্যই আত্মগোপন কৰি থকা বুলিও খবৰ লাভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনটোৰ আত্মগোপনকাৰী সদস্যসকলৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।

জানিব পৰা মতে, দেশত ক্ল’ৰিন গেছৰ আক্ৰমণ চলোৱাৰ ভয়াৱহ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ইছলামিক ষ্টেট অব ইৰাক এণ্ড গ্ৰেটাৰ ছিৰিয়া চমুকৈ আইছিছে।

এনে আক্ৰমণৰ প্ৰথম লক্ষ্য অসম বুলি জানিব পাৰি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই সতৰ্ক কৰি দিছে ৰাজ্যখনৰ আৰক্ষীক। ইফালে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা এই সতৰ্কবাণী লাভ কৰাৰ পিছতে ৰাজধানী গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

এই সন্দৰ্ভত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক (স্পেচিয়েল ব্ৰাঞ্চ) পল্লৱ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে ম্যানমাৰ আৰু বাংলাদেশৰ পৰা ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ৰাজ্যখনত প্ৰৱেশ কৰা বুলি অনুমান কৰা হৈছে।

জে এম বি নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ অসমত প্ৰৱেশ কৰা সদস্যসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন স্থানৰ পৰা উক্ত সন্ত্ৰাসবাদী সংগঠনটোৰ ৫২জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে দিনদিয়েক পূৰ্বে যোৱা ২৬ মে’ত মুকলি কৰা ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুতো সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণ চলাব পাৰে বুলি চোৰাংচোৱা বাহিনীৰ পৰা সতৰ্কবাণী লাভ কৰিছিল অসম আৰক্ষীয়ে।