মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী অঞ্চলৰ পাটিদৈ ভেৰেলা (খ) গাঁৱৰ কেৱল এটি চুবুৰীৰ পৰাই ৯ গৰাকী কৈ পৰীক্ষাৰ্থী সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু চি বি এছ চি ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত আজি তেওঁলোকক গাঁৱৰ ৰাইজ আৰু যুৱক সংঘৰ তৰফৰ পৰা আদৰণি জনায়।

গাওঁখনৰ সমুহীয়া ভৱনত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা আদৰণি সভাত সভাপতিত্ব কৰে ৰোহিন বড়োৱে আৰু সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই গাঁও পৰিচালনা সমিতিৰ সম্পাদক পৱন দৈমাৰীয়ে। চুবুৰীটোৰ বুঢ়া-মেথা, পুৰুষ-মহিলা, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আদি উপস্থিত থকা আড়ম্বৰপূৰ্ণ সভাত কৃতী শিক্ষাৰ্থীকেইগৰাকীক সম্বৰ্ধনা জনোৱা হয়।

কৃতী শিক্ষাৰ্থীকেইগৰাকী হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ক্ৰমে ঘনজিৎ বড়ো, টুটুমণি দাস, মাইনু বড়ো, চানিয়া বড়ো, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰিয়ংকা বড়ো, নেহা বড়ো, কবিতা ৰাভা, চি বি এছ চি পৰীক্ষাত দশম আৰু দ্বাদশ উত্তীৰ্ণ ভাতৃদ্বয় লোহিত বড়ো আৰু লক্ষণ বড়োক উদ্যোক্তাসকলে একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। 

উক্ত সভাত অংশ গ্ৰহণ কৰি জ্যেষ্ঠ ব্যক্তি বীৰেণ বড়ো, যুৱ সমাজ কৰ্মী বিজু বড়ো, ডাক বিভাগৰ কৰ্মচাৰী ৰমেশ বড়ো আদিৰ উপৰি দুই কৃতিমান লোহিত বড়ো আৰু প্ৰিয়ংকা বড়োৱে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। সভাত প্ৰভাত বড়ো, ৰামসিং বড়ো, ৰীণা বড়ো, অতিমা বড়োকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।পাটিদৈ ভেৰেলা (খ) গাঁও পৰিচালনা সমিতি আৰু চানজৌৰাং যুৱক সংঘৰ দ্বাৰা আয়োজিত আদৰণি সভাৰ শেষত পৱন দৈমাৰীৰ শলাগৰ শৰাইৰে সভাৰ কাৰ্যসূচীৰ সামৰণি পৰে।