ডিজিটেল ডেস্কঃ দৰং জিলাৰ দুনীত একাংশ আছুৰ নেতা-কৰ্মী আৰু শিক্ষিত যুৱক যুৱতীয়ে মদাহীক দিছে কেকোৰা চেপা৷ আছুৰ নেতা-কৰ্মী আৰু শিক্ষিত যুৱক যুৱতীয়ে মদাহী তথা চুলাই মদ ব্যৱসায়ীক দেখা মাত্ৰকে থিতাতে শাস্তি দিয়াৰ পণ লৈ অভিযান চলাই দিছে কেকোৰা চেপা ৷  

সমাজৰ বৰবিহ স্বৰূপ মদ সমাজৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত এই অভিযান চলাইছে আছু আৰু  শিক্ষিত যুৱক যুৱতীয়ে৷ মদে দুনীৰ সামাজিক-শৈক্ষিক পৰিবেশ বিনষ্ট কৰাত এই অভিনৱ পন্থা হাতত লোৱা বুলি প্ৰকাশ কৰে অভিযানত নমা যুৱক যুৱতীয়ে৷

আজি দুনীৰ ৰাজ পথত মদ ব্যৱসায়ীক হাতে লোতে ধৰি ব্যৱসায়ীৰ লগত পোৱা চুলাই মদৰ পেকেট সমুহ ফালি পেলায়৷ অভিযান চলোৱা যুৱক-যুৱতীয়ে চুলাই মদৰ পেকেট ফালি পেলাই ক্ষান্ত নাথাকি ভাবিৰাম ডেকা নামৰ মদ বেপাৰী জনক আঠুকাঢ়াই শাস্তি দিয়ে।

যুৱ প্ৰজন্মৰ এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে শলাগ লোৱাৰ লগতে অভিযান অব্যাহত ৰখাৰ আহ্বান জনায়৷

দৰং জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰি জিলা খনলৈ গৌৰৱ কঢ়িযায় অনাৰ সময়তে দৰং জিলাৰ যুৱ প্ৰজন্মৰ এনে পদক্ষেপে সমগ্ৰ ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত মদৰ বিৰুদ্ধে জনমত গঠনত সহায় কৰিব৷

With Inputs from NNO Digital Correspondent #Dalanghat