গোৱালপাৰাঃ আপুনি অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰে নেকি? যদি কৰে তেন্তে ১০ বাৰ ভাবক। আপুনি বিচৰা সামগ্ৰীৰ ঠাইত আহিব পাৰে ইটা৷

উদাহৰণ গোৱালপাৰা চহৰৰ ৰাজু দাস। অনলাইন যোগে কিতাপ ক্ৰয় কৰিবলৈ গৈ এতিয়া মূৰে কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে এই যুৱকজনে।

চহৰখনৰ গোৱালটুলীৰ বাসিন্দা ৰাজুৱে এমাজনত অৰ্ডাৰ কৰিছিল ৮ হাজাৰ ৬ শ টকা মূল্যৰ তিনিখন চিকিৎসা বিজ্ঞানৰ কিতাপ। অনলাইনযোগেই আদায় দিছিল ধন।

পিছে শনিবাৰে যুৱকজনে এমাজনৰ পৰা কিতাপৰ পৰিৱৰ্তে লাভ কৰে ইটাৰ টুকুৰা। ইটাৰ টুকুৰাৰ লগত এমাজনে বিচৰা কিতাপৰ লগত মিল নথকা তিনিখন পুৰণি কিতাপো পেকটত প্ৰেৰণ কৰে l

অনলাইন যোগে অৰ্ডাৰ কৰা সামগ্ৰীৰ পেকেট খুলি হতভম্ব হৈ পৰে যুবকজন৷  লগে লগে অনলাইন শ্বপিং সংস্থাটোৰ সৈতে যোগাযোগ কৰে যুৱকজনে।

বিষয়টো সন্দৰ্ভত অনলাইন শ্বপিং প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈকো আহ্বান জনাইছে যুবকজনে। উল্লেখ্য যে কিছুদিন পূৰ্বে গুৱাহাটীতো অনুৰূপ ঘটনা সংঘটিত হৈছিল।