কামপুৰঃ অসম বিজ্ঞান সমিতিৰ কামপুৰ শাখাৰ উদ্যোগত আৰু কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন।

এই উদযাপনৰ লগতে অন্ধিবিশ্বাসৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে এখন বাটৰ নাটো উপস্থাপন কৰা হয়।

সমাজত অন্ধবিশ্বাসৰ ফলত বিস্তৰ ক্ষতিসাধন হৈ থকাৰ পৰিপ্ৰেক্ষিততে বিজ্ঞান সমিতিৰ কামপুৰৰ শাখাৰ সহযোগীতাত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই নাটখন উপস্থাপন কৰে।

শতাধিক ৰাইজে এই নাট উপভোগ কৰে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজপথত শোভাযাত্ৰাও উলিওৱা হয়।