
চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আজি তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্ত্তন কৰা, দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰদানৰ দাবীত কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে চৰাইদেউ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে৷
ৰাজ্যৰ সমগ্র জিলাৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত চাংমাই, কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই, চাবিৰ আহমেদ আদি উপস্থিত থাকে৷ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকি অসমীয়া জনসাধৰণে বিচৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খন উন্নীতকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যোৱা তিনিটা দশক ধৰি আগ্ৰহ প্ৰকাশ নকৰিলে বুলি কয়৷
উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আৰু পৰ্যবেক্ষনতহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল বুলি দিল্লীৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷
যদিও বিভিন্ন ষড়যন্ত্ৰৰ ফলত বিগত সময়ত এই কাম অতি লেহেমীয়া হৈ পৰা বুলি কৈ প্ৰকৃততে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেৱল মাত্ৰ হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদান কৰি সংস্থাপনৰ বাবে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম লেহেমীয়া কৰিছে বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই অভিযোগ কৰে৷