ওদালগুৰিঃ অসমীয়া সমাজ জীৱনৰ অপৰিহাৰ্য অংগ হৈছে নামঘৰ৷ নামঘৰ যেন অসমীয়াৰ সঞ্জীৱনী৷ যেনেদৰে জগত গুৰু শংকৰদেৱে পবিত্ৰ নামঘৰত শাস্ত্ৰ অধ্যয়ন কৰিছিল ঠিক তেনেদৰেই অসমৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়খনক নামঘৰৰ দৰে চাফ-চিকুন কৰি পঢ়া-শুনা কৰি গৈছে৷

ওদালগুৰিৰ এই খন চৰকাৰী বিদ্যালয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ওদালগুৰি সদৰৰ পৰা মাত্ৰ ৬ কিল’মিটাৰ দূৰৰ এই বিদ্যালয়খনক একপ্ৰকাৰ মন্দিৰলৈ ৰূপান্তৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে।

ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ৫৮৮নং পাঠাকাটা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পুৱা বিদ্যালয়লৈ আহি প্ৰাৰ্থনা কৰি শ্ৰেণীকোঠাত সোমোৱাৰ আগে আগে চাফ-চিকুন কৰে বিদ্যালয়খন৷ শ্ৰেণীকোঠাক সেৱা কৰি চেণ্ডেল বাহিৰত খুলি প্ৰৱেশ কৰে ছাত্ৰ-ছাত্ৰীয়ে।

অসমীয়া-বড়ো দ্বৈত মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে বিভিন্ন নীতি শিক্ষা দিছিল বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে৷ শিক্ষাগুৰুই দিয়া এদিন দুদিনৰ নীতি শিক্ষা পৰম্পৰাত পৰিণত হয়।

কেৱল এয়াই নহয় ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খনৰ দেৱালত মহাত্মা গান্ধী, মাদাৰ টেৰেছা আদি মহৎ লোকসকলৰ ফটো আঁৰি সেইসকল মহৎ লোকৰ আদৰ্শৰ কথাও চৰ্চা কৰে৷