
তেজপুৰ বিশ্ববিদ্যালয় কেম্পাচঃ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড: মহেন্দ্ৰ নাথ পাণ্ডেয়ে ৫ জুনত তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ সৈতে মত বিনিময় কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন দিশৰ খতিয়ান লয়।
তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্ত:গাথঁনি, বিশ্ববিদ্যালয়ৰ বাতাবৰণ আৰু পৰিবেশৰ ভূয়সী প্ৰশংসা কৰি ৰাজ্যমন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়ৰ অতিথি গৃহৰ সভাকক্ষত ভাৰপ্ৰাপ্ত উপাচাৰ্য ড: মদন শৰ্মাৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা তথা বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে মত বিনিময় কৰে।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু আন্ত:গাথঁনি সৰ্ম্পকে বিতংকৈ আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ে মানৱ সম্পদ গঢ় দিয়াত লোৱা প্ৰচেষ্টাক লৈ সন্তুষ্টি প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ে শেহতীয়াকৈ পোৱা টাইমচ হায়াৰ এডুকেশন ৰেংকিং তথা ৰাষ্ট্ৰপতিৰ ভিজিটৰ্ছ এৱাৰ্ডৰ কথা উল্লেখ কৰি আশা প্ৰকাশ কৰে যে অতি সোনকালেই তেজপুৰ বিশ্ববিদ্যালয় বিশ্বৰ ভিতৰতেই এখন আগশাৰীৰ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব।
মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ স্বচ্ছতা আৰু প্ৰাকৃতিক পৰিৱেশৰো যথেষ্ট প্ৰশংসা কৰে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড. বীৰেন দাসে মন্ত্ৰীগৰাকীক বিশ্ববিদ্যালয়ৰ বিত্তীয় সংকটৰ কথা অৱগত কৰে আৰু বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰী নিৱাস আৰু এটা ছাত্ৰ নিৱাস নিৰ্মাণৰ বাবে অতিৰিক্ত ৫৫ কোটি টকা দিবৰ বাবে অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয় প্ৰশাসনক আশ্বাস দিয়ে যে এই বিষয়ে তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগক অৱগত কৰিব।