চাবুৱাঃ ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে৷

নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন অধিক লোক সমৱেত হ’ব নোৱাৰিব, মৰণাস্ত্ৰকে ধৰি লাঠি-ডেগাৰ আদি ৰাজহুৱা স্থানত কঢ়িওৱা নতুবা লৈ ফুৰাব নোৱাৰিব৷

ৰাজহুৱা স্থানত গণ সমাৱেশ, শোভাযাত্ৰা, অনশন, ধৰ্ণা, পুত্তলিকা দাহ, চৰকাৰী-বেচৰকাৰী স্থানত শ্বহীদ বেদী স্থাপন, ৰাজহুৱা স্থানত লাঠি, অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ, পথ বন্ধ, দান বৰঙনি সংগ্ৰহ, ৰাজহুৱা স্থান যান-বাহন, পথচাৰীৰ ওপৰত ফটকা, আতচবাজী নিক্ষেপ কৰা পথচাৰী মহিলা আৰু শিশুসকলৰ ওপৰত কোনোধৰণৰ আপত্তিজনক দ্ৰব্য, ৰং চটিওৱা শিক্ষানুষ্ঠান, চিকিৎসালয়, আদালত চৌহদ আদিৰ আশে-পাশে ৰাতি দহ বজাৰ পৰা পুৱা ছয় বজালৈ অনুভাষ যন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে৷

সাম্প্ৰদায়িক তথা ৰাষ্ট্ৰবিৰোধী শ্ল'গান, জাতিবিৰোধী শ্ল'গান, গাড়ীত ক'লা ৰঙৰ গ্লাছ লগোৱা, সামৰিক বাহিনীয়ে পৰিধান কৰা জলফাই ৰঙৰ পোছাক পৰিধান কৰা, চৰকাৰী বিষয়া, উকীল, চিকিৎসক, স্কুলীয়া ল'ৰা-ছোৱালী, সাংবাদিক, ‌৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ বাহিৰে দুচকীয়া বাহনত দুজন আৰোহী উঠা বন্ধ কৰাৰ লগতে মুখ ঢকা হেলমেট পৰিধান কৰিব নোৱাৰিব বুলি জিলা ঘোষণা কৰে৷

উপৰোক্ত নিষেধাজ্ঞা সমুহ অৱশ্যে বজাৰ সমাৰ কৰা কাৰ্য খেল-ধেমালি, কথাছবি গৃহ, অন্যান্য বিনোদন স্থান, শিক্ষানুষ্ঠান ৰে'লৱে ষ্টেছন, বাছ আস্থান, বিমান বন্দৰ, বিবাহ তথা ধাৰ্মিক অনুষ্ঠানসমুহৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে বুলিও কয় প্ৰশাসনে৷

এই আদেশ তৎকালীনভাৱে বলৱৎ হৈছে আৰু ৬০ দিনৰ বাবে সমগ্ৰ জিলাখনত বলৱৎ থাকিব৷ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷