বাঘবৰঃ ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত নৈ-উপনৈ সমূহে খহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ সময়তে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এটাৰ পিছত এটাকৈ কৃষি প্ৰধান ৰাজহ গাওঁ নিচিহ্ন কৰিছে কালৰূপী ব্ৰহ্মপুত্ৰই।

জানিব পৰা মতে, দুদিন ধৰি অব্যাহত থকা ভয়াবহ ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াই উছন কৰিলে বাঘবৰৰ বালাজান গাৱৰ ১০ টাকৈ পৰিয়ালৰ ভেটি৷ নৈত বিলীন হ’ল শ শ বিঘা কৃষিভূমিও।

নৈৰ কবলত পৰিছে কেইবাটাও অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ একমাত্র ১২১৭ নং সাতমূখী প্ৰাথমিক বিদ্যালয়ো। বহু লোকে মাটি-ভেটি হেৰুৱাই থাকিবলৈ ঠাই নোহোৱা হৈ পৰিছে।

এতিয়ালৈকে গৰাখহনীয়াগ্ৰস্ত লোক সকলৰ খবৰ লবলৈ সময় পোৱা নাই স্থানীয় প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদেও। যাৰ ভাবে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।

উক্ত প্ৰাথমিক বিদ্যালয় খন নৈৰ কবলৰ পৰা ৰক্ষা কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ ভাৱে ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।