
বঢ়মপুৰঃ নগাঁও আউনীআটিত ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীক ৰাইজে খৱৰ দিছিল যদিও ঘটনাস্থলীত বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে৷
ফলত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাত। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে অভব্য আচৰণৰ লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ তোলে ৰাইজে।
উল্লেখ্য যে, বুধবাৰে নিশা এখন ডিজেল ভৰ্তি টেংকাৰ দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেল নিৰ্গত হৈ বিয়পি পৰিছিল বিস্তৃৰ্ণ এলেকাত।
আজি বিয়লি টেংকাৰ পৰা তেলত জুই লাগিব আৰম্ভ কৰে৷ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে যথোচিত পদক্ষেপ নোলোৱাৰ বাবেই হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকে অভব্য আচৰণ কৰাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে একাংশ স্থানীয় লোক। ইফালে অগ্নিকাণ্ডৰ ফলত কেইবা ঘণ্টা ধৰি ব্যাপক যান-জটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাই পথত।