জলেশ্বৰঃ জলেশ্বৰবাসীৰ চিকিৎসাৰ একমাত্ৰ ভৰসা হৈ উঠিবলগা জলেশ্বৰ মডেল হস্পিতাল খনৰ নিৰ্মান কাৰ্য সম্পূ্ৰ্ণ হৈছে যদিও মুকলি কৰা হোৱা নাই হস্পিতালখন।

হস্পিতালখন অতি শীঘ্ৰে চৰকাৰক মুকলি কৰাৰ দাবী জনাইছে জলেশ্বৰবাসী ৰাইজে। কিয়নো বান-বিধ্বস্ত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ বাবে নাই পৰ্যাপ্ত চিকিতসা ব্যৱস্থা।

প্ৰসূতিৰ চিকিৎসাকে ধৰি জটিল ৰোগী সকলে উন্নত চিকিৎসাৰ বাবে সুদূৰ গোৱালপাৰা অথবা গুৱাহাটী চহৰলৈ যাব লগা হয়।

ফলত বহু দৰিদ্ৰ ৰোগীয়ে বিনা চিকিৎসাই কৰুণ মৃত্যুক সাবটি লৱলগা হয়। উল্লেখ্য যে জলেশ্বৰ মডেল হস্পিতালখন মুকলি হ'লে বৃহত্তৰ অঞ্চলবাসী জনসাধাৰনে উন্নত চিকিত্সা লাভ কৰিব।