
শিৱসাগৰঃ বুৰঞ্জীক অৱহেলা কৰা জাতি এটাৰ ভৱিষ্যত দুৰ্ভাগ্যপূৰ্ণ হোৱাটো স্বাভাৱিক। কিন্তু তাতোকৈ দুৰ্ভাগ্যৰ কথা অতীতৰ গৌৰৱ কঢ়িওৱা কীৰ্তিচিহ্নসমূহ ৰক্ষণা-বেক্ষণ দিব নোৱাৰাটো।
তেনেই এক ছবিয়ে বিবেক দংশন কৰিছে শিৱসাগৰবাসীৰ। আহোম ৰাজত্ব কালত নিৰ্মিত ঐতিহাসিক সম্পদ সমুহ এটাৰ পিছত এটা কৈ ধ্বংষৰ মুখলৈ গতি কৰিছে। নীৰৱ দৰ্শক হ’বলগা হৈছে সাধাৰণ জনতা।
প্ৰখৰ ৰ’দ-বৰষুণতো শাৰী পাতি ভোট দি জয় কৰোৱা প্ৰতিনিধিয়ে চকু নিদিয়াত শিৱসাগৰ জিলাখনত সিঁচৰিত হৈ থকা অনেক ঐতিহাসিক সম্পদ সম্প্ৰতি বেদখল কাৰীৰ কবলত পৰি অস্তিত্ব নিঃশেষ হোৱাৰ ক্ষণ গণিছে।
এইবোৰৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা ১৭০৩-০৪ চনৰ প্ৰায় ২১ টা খটখটিযুক্ত জয়সাগৰস্থিত ঐতিহাসিক ফাকুৱা দলটোৰ চিন-মোকাম প্ৰায় শেষ হৈ গৈছে। চাৰিওফালৰ পৰা মৈদামৰ ওপৰ ভাগলৈ উঠিব পৰাকৈ পকা খটখটিৰ ব্যৱস্থা আছে।
আহোম সকলৰ ধৰ্মীয় মন্দিৰ সমুহ যিদৰে আঠকোণীয়া, ঠিক একেদৰে এই ফাকুৱা দলটোৰ মাটিৰ সমান্তৰালকৈ আঠটা কোণত আঠটা বৃহৎ পকী খুটা আছে। এই আঠটা চুক থকা দলটোত ফাকুৱাৰ সময়ত পূজা পাতল সম্পন্ন কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে।
লোক বিশ্বাস অনুসৰি চাওডাঙৰ আসুৰিক নিৰ্যাতনত মৃত্যু হোৱা জয়মতীৰ মৃতদেহটো লালুকসোলাৰ নিৰ্দেশ অনুসৰিয়েই জেৰেঙাৰ কোনো এক স্থানত গোপনে সৎকাৰ কৰা হৈছিল। কিন্তু পিছলৈ যেতিয়া জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহ ৰাজপাটত বহিল তেতিয়াই ৰুদ্ৰসিংহই মাতৃ জয়মতী কুঁৱৰীৰ এটি সোণৰ প্ৰতিমা নিৰ্মাণ কৰাই যত নিয়মেৰে উক্ত স্থানত মৈদাম দিয়ে। আৰু তাতেই ঐতিহাসিক ফাকুৱা দ'ল বন্ধায়।
কিন্তু সম্প্ৰতি একাংশই কেকোঁৰা চেপাদি চেপিছে দ'লটো। প্ৰবেশদ্বাৰত থকা লোহাৰৰ গেটখনো খোলা সম্ভৱ নহয়। চৌদিশে অবাধ গৰু-ছাগলীৰ বিচৰণ। আনকি কোনো দুষ্কৃতিকাৰীয়ে ইটা পৰ্যন্ত এৰুৱাই নিছে।
আন নালাগে কোনো ফলক নথকা দ'লটোলৈ প্ৰবেশ কৰিব বিচৰা মূল পথটো সম্প্ৰতি চৌদিশৰ পৰা অহা লেতেৰা পানীৰ নাদলৈ পৰিণত হৈছে।
ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰখনে বা বিয়াগোম প্ৰত্নতাত্বিক বা পুৰাতত্ব বিভাগে পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি কোৱা প্ৰতিশ্ৰুতিক ভেঙুচালি কৰিছে দ’লটোৰ দুৰৱস্থাই।