চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আজি সাহিত্য অকাডেমীৰ সহযোগত এখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷ ‘ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন আৰু কৰ্ম’ শীৰ্ষক আলোচনা চক্ৰখন মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখন সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক ড০ কৰবী ডেকা হাজৰিকাই৷ 

মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সোমনাথ বৰাই আঁত ধৰা আলোচনা চক্ৰখন উদ্বোধন কৰে  সাহিত্য অকাডেমীৰ কাৰ্যসূচী নিৰ্ধাৰক বিষয়া মিহিৰ কুমাৰ চাহুৱে৷ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষাতত্ববিদ ড০ ৰমেশ পাঠকে কয় যে, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰথম শ্ৰেণীৰ শিক্ষাবিদ, ভাষাবিদ, সাহিত্যিক আৰু প্ৰখ্যাত ভ্ৰমণ কাহিনী লেখক৷ আলোচনা চক্ৰত আন এগৰাকী সমল ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰে বিৰিঞ্চি কুমাৰ বৰুৱা আধুনিক বিদ্যায়তনিক সমাজৰ স্বপ্নদ্ৰষ্ট্ৰা আছিল বুলি কয়৷  

‘সাহিত্য ৰচনাৰ ক্ষেত্ৰত বিশেষকৈ উপন্যাসৰ ক্ষেত্ৰত এটা নতুন পৰম্পৰা ৰচনা কৰিছিল বৰুৱাই৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱনৰ বাটত উপন্যাসখন অসমীয়া সমাজ জীৱনৰ দলিল৷’- অসমীয়া জাতিয়ে বিৰিঞ্চি কুমাৰ বৰুৱাক মূল্যায়ন আজিও কৰা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে ড০ বৰুৱাক মূল্যায়নৰ বাবে নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

শোণিতপুৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা ড০ স্বাধীনতা মহন্তই ড০ বৰুৱাৰ সাহিত্য-ৰচনাৱলী অমূল্য সম্পদ হিচাপে অভিহিত কৰে৷ আজিৰ আলোচনা চক্ৰত বিশিষ্ট গৱেষক ড০ নৰেন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচামেও তত্বগধুৰ ভাষণ প্ৰদান কৰে৷ ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱা আলোচনা চক্ৰত অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷