10
Jun
2017

গোলকগঞ্জঃ বেংকে নলয়, শীঘ্ৰে বন্ধ হ’ব মুদ্ৰাৰ প্ৰচলন! এনে অপপ্ৰচাৰৰ ফলত বিগত কিছুদিন ধৰি ধুবুৰী জিলাত এটকা-দুটকাৰ মুদ্ৰাই বিভিন্নজনক জ্বলা-কলা দিছে। একাংশ দোকানীয়ে মুদ্ৰা গ্ৰহণ নকৰাত বিমোৰত পৰিছে ৰাইজ৷ বিগত কিছুদিন ধৰি জিলাখনত অপপ্ৰচাৰ চলিছে যে অচিৰেই টকাৰ মুদ্ৰা বন্ধ হৈ যাব৷
এই অপপ্ৰচাৰৰ পাছতে হাট-বজাৰৰ দোকানীসকলে মুদ্ৰা গ্ৰহণ নকৰাৰ ফলত মহা বিপদত পৰিছে সৰ্বসাধাৰণ তথা স্কুলীয়া ছাত্র-ছাত্রী। একাংশ ব্যৱসায়ীয়ে বেংক কৰ্তৃপক্ষই এই মুদ্ৰাসমূহ গ্ৰহণ নকৰাৰ বাবে মুদ্ৰাৰ নাটনি হোৱা বুলি ক’ব খোজে৷
আনহাতে, বজাৰসমূহত এটা দুষ্টচক্ৰই এটকা দুটকাৰ মুদ্ৰা বন্ধ হোৱা বুলি প্ৰচাৰ কৰাত আমছু আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সংযুক্ত সেৱা পৰিষদে উক্ত মুদ্ৰা সমূহ চৰকাৰে বন্ধ কৰা নাই বুলি দোকানী তথা সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলাইছে।