
বোকাজানঃ সমাগত দ্বাদশ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাখনৰ নিৰ্বাচনী বতাহ উত্তপ্ত হৈ থকাৰ সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দলৰ হাই প্ৰফাইল নেতাই নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে৷
আজি বোকাজান পৰিষদীয় সমষ্টিত উপস্থিত হ’ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী৷ বোকাজান পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মাধূৰ্য্য ঢেকিয়াল ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বোকাজানত উপস্থিত হোৱা সাংসদ গৰাকীয়ে ফুকনৰ হৈ বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত বাহিৰ কৰা এক বৃহৎ মটৰ চাইকেল সমদলৰ শুভ উব্ধোধন কৰে৷
দুই শতাধিক মটৰ চাইকেলত বিজেপিৰ যুৱ মৰ্চাৰ সদস্যই দলৰ প্ৰাৰ্থী ফুকনৰ হৈ বিভিন্ন শ্ল'গানেৰে সমষ্টিটোৰ আকাশ বতাহ কপাই তোলে৷ আজিৰ মটৰ চাইকেল সমদলত বোকাজান বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক নোমল ম'মিন আৰু দলৰ প্ৰাৰ্থী মাধূৰ্য্য ঢেকিয়াল ফুকনো উপস্থিত থকাৰ লগতে সমদলত অংশগ্ৰহণ কৰে৷