চাবুৱাঃ সমাজত বাঢ়ি অহা অন্ধবিশ্বাস কু-সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি মিছন বিবৰুৱাৰ একাংশ কৰ্মীয়ে অনুভৱ কৰে তৃণমূল স্তৰত মানুহৰ মাজত সচেতনতা গঢ়ি তোলাৰ লগতে ডাইনী বিশ্বাস তথা নিৰ্যাতৰ বিৰুদ্ধে চৰকাৰৰ প্ৰস্তাৱিত আইন খন কাৰ্যকৰি কৰাৰ বাবে চাৰকাৰক হেঁচা প্ৰয়োগৰ প্ৰয়োজন আছে। 

এই ক্ষেত্ৰত মিছন বিবৰুৱাৰ অসাংবিধানিক আৰু অগণতান্ত্ৰিক কাম কাজৰ বাবে উক্ত কাম সমূহ কৰি যোৱত কিছু অসুবিধা অনুভৱ কৰি মিছন বিবৰুৱাৰ একাংশ কৰ্মীয়ে সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

ডিব্ৰুগড়স্থিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত শৈলেন গোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত এক সভাখনত সমবেত হোৱা উজনি অসমৰ ১৯ গৰাকী কৰ্মীয়ে মিছন বিবৰুৱাৰ পৰা সমূহীয়া ভাৱে অব্যাহতি লোৱাৰ লগতে ই-মেইল যোগে মিছন বিবৰুৱাৰ কেন্দ্ৰীয় সমিতিলৈও অব্যাহতি পত্ৰ প্ৰেৰণ কৰে। 

আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ অহা অন্ধবিশ্বাস জনিত ঘটনাৰ পৰিপ্ৰেক্ষিতত তৃণমূল পৰ্যায়ত যাতে অসমৰ সকলো সচেতন ব্যক্তি লগ হৈ একেলগে যাতে কাম কৰিব পৰা যায় সেই উদ্দেশ্যে 'আলোক’ (অন্ধবিশ্বাস কু-সংস্কাৰ বিৰুদ্ধে এক যাত্ৰা) নামেৰে এক নতুন সংগঠন গঠন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে এই সভাতে। 

ফিলিপ জামান নেওগক সভাপতি, ৰূপহ চলিহা আৰু অঞ্জু বৰকটকীক উপসভাপতি, অৰ্পনা বড়াক সম্পাদিকা, গৌতম গোস্বামী, নয়নজ্যোতি চাৰিঙ্গিয়া ফুকন, আদিত্য শইকীয়া আৰু বিশ্বনাথ গগৈক সাংগঠনিক সম্পাদক, ভূষণজ্যোতি সন্দিকৈ, ধৰণী গগৈ আৰু জয়ন্ত বৰুৱাক প্ৰচাৰ সম্পাদক, শৈলেন গোহাই আৰু সুদক্ষিণা দাসক উপদেষ্টা হিচাপে লৈ মুঠ ২১ জনীয়া তদৰ্থ সমিতি গঠন কৰা হয় বুলি আলোকৰ সম্পাদিকা অৰ্পণা বড়াৰ স্বাক্ষৰিত এক প্ৰেছ বিবৃতিৰ জড়িয়তে জানিবলৈ দিছে।