14
Jun
2017

দলংঘাটঃ নিৰ্মীয়মান এখন ৰঙ্গমঞ্চৰ দেৱাল থহি পৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে দৰং জিলাত৷ জিলা খনৰ কলাইগাঁও বিধান সভা সমষ্টিৰ বাঘৰবাৰীত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাৰ সাংসদ পুজিৰে নিৰ্মাণ হৈ থকা ৰাজহুৱা সাংস্কৃতিক মঞ্চৰ আজি এটি খুঁটা সহ দেৱাল খহি পৰে৷
সাংসদ পুজিৰ কেইবালক্ষ টকাৰে নিৰ্মান হৈ থকা ৰাজহুৱা সাংস্কৃতিক মঞ্চখন নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। ৰাইজে বিভাগীয় কতৃপক্ষক তদন্তৰ দাবী জনায়।