খাৰুপেটীয়াঃ কৱৰস্থানৰ নৱনিৰ্মিত দেৱাল বাগৰি পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দৰং জিলাৰ দলগাঁৱত৷ জিলাখনৰ শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মিত কৱৰস্থানৰ চৌহদৰ এখন দেৱাল বাগৰি পৰাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পঞ্চায়তটোৰ ঘেনেমাৰী গাঁৱৰ ৰাজহুৱা কৱৰস্থানৰ দৈৰ্ঘ্য ২৮০.৮৫ মিটাৰৰ পৰিবৰ্তে মাত্ৰ ১৩৩ মিটাৰ আৰু পুতলে ১৩৬ মিটাৰ পৰিবৰ্তে কাম কৰে ১০৮ মিটাৰ কাম কৰে বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে দেৱাল খহি পৰে।

৮ লাখ টকাৰ ব্যায়েৰে দেৱাল কেইখন নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি য়োৱা ১ মাৰ্চত স্থানীয় ৰাইজে জিলা মূখ্য কাৰ্যবাহী বিষয়াক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো তদন্তৰ নামত ভেকোভাওঁনা কৰি ইউডিএফৰ পঞ্চায়ত সভানেত্ৰীৰে ঠিকাদাৰ ৰূপী স্বামীৰে বুজাবুজিৰে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে অনিয়মৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাৰ পৰিণতিত ৫ মাহৰ ভিতৰতে এনেকৈ খহিপৰিল বুলি গুৰুতৰ অভিযোগ উঠিছে।

অভিযোগ মতে দেৱালত নিম্ন মানৰ ৰড, বালি, চিমেণ্ট, ইটা ব্যৱহাৰ কৰাৰ লগতে জালি ব্যৱহাৰ নকৰাৰ বাবে ৰাইজে প্ৰতিবাদ কৰাত ৰাইজৰ বিৰুদ্ধে ঠিকাদাৰ আছাদ আলীয়ে ধন দাবীৰ অভিয়েগ তুলি গোচৰ তৰিছিল।

ইফালে ৰাইজেও ফাঁকিবাজ ঠিকাদাৰজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰে যদিও তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে। উল্লেখ্য যে দেৱাল খহি পৰাত এজন দূখীয়া কৃষকৰ মৰাপাট খেতিও অনিষ্ট হয়। এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব৷