
নগাঁওঃ নগাঁও জিলাৰ কামপুৰত কালি এগৰাকী ব্যৱসায়ীক কোনো দুষ্ট চক্ৰই অজ্ঞাত সংগঠনৰ নামত ম’বাইল ফোনৰ জৰিয়তে ২০ লাখ টকা দাবী কৰাৰ ঘটনাৰ চাঞ্চল্য নৌ মাৰ যাঁওতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে জিলাখনৰ বেবেজীয়াত৷
এইবাৰ দুষ্ট চক্ৰৰ লক্ষ্য এখন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ৷ প্ৰাপ্ত খবৰ মতে, বেবেজীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাভাৰতী নামৰ কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ মাধুৰ্য্য মণ্ডিত বৰুৱাক অজ্ঞাত সংগঠনৰ নামত কোনো অচিনাক্ত দুৰ্বৃত্তই ধন দাবী কৰিছে৷
অধ্যক্ষ গৰাকীৰ ৯৪০১৪-৪৫৯০৯ নম্বৰৰ ম’বাইল ফোনলৈ ভাবুকি প্ৰদানেৰে আজি পুৱা চাৰে ৯ বজাত ৯৫০৮০-১৯১৮৯ নম্বৰৰ পৰা এটা মেচেজ আহে৷ মেচেজটোত দুষ্ট চক্ৰটোৱে ৫ লাখ টকা দাবী কৰি সেই ধনৰাশি আজি নিশা ৮ বজাত শিক্ষানুষ্ঠানখনৰ সন্মুখত দিবলৈ কোৱাৰ লগতে ইয়াৰ অন্যথা ৰাষ্ট্ৰাৰে ওলাব নোৱাৰিব বুলি অধ্যক্ষ গৰাকীক ভাবুকি প্ৰদান কৰিছে৷
আনকি এনে ভাবুকি সূচক মেচেজ প্ৰেৰণ কৰাৰ ক্ষন্তেক পিছতে উক্ত নম্বৰৰ পৰা দুবাৰকৈ ফোন কল আহিছিল যদিও শংকিত হৈ পৰা অধ্যক্ষগৰাকীয়ে সেই ফোন কল ৰিচিভ কৰা নাছিল৷
ইফালে,এনে ধন দাবীৰে ভাবুকি প্ৰদান কৰা ঘটনাত অতিকে ভীতিগ্ৰস্ত হৈ পৰা অধ্যক্ষ বৰুৱাই ইতিমধ্যে স্থানীয় বেবেজীয়া আৰক্ষী চকী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক গোচৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷