16
Jun
2017

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আদিকে ধৰি দেশৰ বিভিন্ন সেউজ অঞ্চলত দিনে দিনে অভাৱনীয় হাৰত হ্ৰাস পাইছে উদ্ভিদজগতৰ বৈচিত্ৰতা। তাৰ লগে লগে বিলুপ্ত হৈছে বন্যপ্ৰাণী।
ইয়াৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ভেষজ দৰৱৰ নামত চোৰাং বজাৰত বিক্ৰী হৈ অহা গছৰ শিপা-মূল-পাত আদি।
এনেই এটা চক্ৰ উৎখাত কৰিছে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই। শাখাই উদ্ধাৰ কৰিছে প্ৰায় ৩৩ হাজাৰ কিলোগ্ৰাম উদ্ভিদজাত সামগ্ৰী। চীনৰপৰা চোৰাংকৈ সমূদ্ৰপথেৰে ভাৰতলৈ সৰবৰাহ কৰা হৈছিল এই সামগ্ৰীখিনি।
সমূদ্ৰপৃষ্ঠৰ পৰা ৮ হাজাৰৰ পৰা আৰম্ভ কৰি ১২ হাজাৰ ফুট উচ্চতাত গজা এই উদ্ভিদবিধ কথ বুলি জনা যায়। এই বিৰল প্ৰজাতিৰ উদ্ভিদবিধৰ বৈজ্ঞানিক নাম Saussurea costus।