গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ বিশেষ আয়োজন কৰা হৈছে । বাগসা জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু গোৰেশ্বৰ শাখা পতঞ্জলি যোগ সমিতিৰ লগতে গোৰেশ্বৰ আৰ্মী কেম্পৰ সহযোগত বেঙেনাহাটী ৰাজহুৱা সভা গৃহত  যোগ দিৱস পালন কৰা হব।

দিৱসৰ লগত সংগতি ৰাখি আয়োজিত শিবিৰত যোগাসন শিকাব অভিজ্ঞ যোগ শিক্ষকে। যোগ সাধনাৰ জৰিয়তে মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰাৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো পৰ্যায়ৰ লোকক উপস্থিত কৰোৱাই আয়োজক সমিতেয়ে যোগাভ্যাস গঢ়ি তুলি সমাজৰ পৰিৰ্বতন  সাধিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে ইতিমধ্যে বাগসা জিলা যোগ সমিতি আৰু  গোৰেশ্বৰ শাখা যোগ সমিতিৰ উদ্যোগত গোৰেশ্বৰত ২৫ দিনীয়া সহ-যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে স্থানীয় লোকৰ যথেষ্ট সঁহাৰি লাভ কৰা দেখা গৈছে।

২১ জুনৰ দিনাখনো কেবাজনো প্ৰশিক্ষকৰ দ্বাৰা উপস্থিত সকলোকে বিনামূলীয়াকৈ যোগ-আসন-প্ৰণায়মৰ  প্ৰশিক্ষণ দিয়া হ'ব।  ৰাতিপুৱা ৬ বজাৰ পৰা ৮ বজালৈ আয়োজিত এই শিবিৰত স্থানীয় বিধায়ক ভৱেশ কলিতা, বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।