
কোকৰাঝাৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰ পৰিভ্ৰমণ কৰিবলৈ অহা সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ৩৬ জনীয়া বিশাল সঁজাতী দলটো আজি কোকৰাঝাৰ সদৰ চহৰৰ নিকটৱৰ্তী বহু স্থান পৰিভ্ৰমণ কৰি বিটিএডিৰ উন্নয়নৰ বুজ লয়।
সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সজাঁতি দলটি মূলত বিটিএডিৰ আন্তঃগাঁথনিৰ কাৰিকৰী দিশৰ অভিজ্ঞতাৰ বুজ লবলৈ আজি কোকৰাঝাৰস্থিত বিটিএডি বিধানপৰিষদীয় ভৱন, ছাই প্ৰকল্প আৰু কেন্দ্ৰীয় কাৰিকৰী প্ৰতিষ্ঠান অৰ্থাৎ চি.আই.টি ইত্যাদি পৰিদৰ্শন কৰে৷
পৰিদৰ্শনকালৰ অন্তত সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সজাঁতী দলটিৰ সৈতে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী, কাৰ্যবাহী সদস্যদ্বয় ডনেশ্বৰ গয়াৰী আৰু ৰাজীৱ কুমাৰ ব্ৰহ্মৰ লগতে পৰিষদৰ বিভাগীয় বিষয়াসকলৰ উপস্থিতিত বিটিচি সচিবালয়ত দুয়োপক্ষৰ মাজত এক সৌহাৰ্দ্যমুলক আলোচনা অনুষ্ঠিত হয়৷ উক্ত আলোচনাকালত মূলত স্বায়ত্বশাসিত পৰিষদৰ সমস্যা, প্ৰশাসনিক দিশ আৰু উন্নয়নৰ প্ৰসংগই স্থান লাভ কৰে।
ইপিনে সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপৰঞ্জন মাক্ৰালে সংবাদ মাধ্যমৰ আগত বিটিএডিৰ সামগ্ৰিক উন্নয়নৰ আন্তঃগাথনিৰ দিশটো প্ৰত্যক্ষ কৰি প্ৰশংসা কৰাৰ লগতে তেওঁ ১৮ বছৰ পূৰ্বে চাই যোৱা ৰেহৰূপৰ তুলনাত আজিৰ বিটিএডিয়ে বহু উন্নয়ন সাধিলে বুলি মন্তব্য কৰে৷ তেওঁ সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদখনকো আন্তঃগাঁথনিৰ কাৰিকৰী দিশত আগবঢ়াই নিবলৈ বিটিএডিৰ সহযোগিতা কামনা কৰে ৷
সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদখনৰ সজাঁতী দলটিত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেংগ, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মি ৰেখা সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ সচিব প্ৰধান শিবু সোণোৱাল, সোণোৱাল কছাৰী কল্যাণ সংঘৰ সচিব যুগল ফৰমেলো, সোণোৱাল কছাৰী জাতীয় পৰিষদ আৰু সোণোৱাল কছাৰী যুৱ পৰিষদৰ নেতৃত্ববৃন্দও আছিল৷