
বালিপৰাঃ বনৰীয়া হাতীয়ে চাহ বাগানত কাম কৰা এগৰাকী মহিলাক বিছনাৰ পৰা শুৰেৰে টানি আনি হত্যা কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাত৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অঞ্চলত প্ৰতিদিনে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা জনাঞ্চললৈ অহা বনৰীয়া হাতীয়ে ধন-জনৰ ক্ষতি কৰি আহিছে৷
জিলাখনত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ ফলত বহু নিৰীহৰ প্ৰাণ গৈছে। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেন্দাই চাহ বাগিছাৰ ২০নং লাইনত শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত নামেৰী সংৰক্ষীত বনাঞ্চল আৰু বালিপৰা সংৰক্ষীত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে এজাক হাতী৷
বনৰীয়া হাতীৰ জাকটোৱে ধেন্দাই চাহ বাগিছাত প্ৰবেশ কৰি উৎপাত চলাই। হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে বুধুনাথ কৰ্মকাৰৰ বাসগৃহৰ এখন বেৰ ভাঙি বিছনাত শুই থকা তেওৰ পত্নী আশালতা কৰ্মকাৰক (৪০) শুৰেৰে টানি বাহিৰলৈ উলিযায় আনে৷ হাতীৰ আক্ৰমণত আশালতা কৰ্মকাৰৰ থিতাতে মৃত্যু হয়।
তিনিটা সন্তানৰ মাতৃ গৰাকীৰ বনৰীয়া হাতীৰ আক্ৰমণ নিহত হোৱাৰ ঘটনাই চাহ বাগিছাখনত শোকৰ ছাঁ পেলায়। অকৰ্মণ্যতা বন বিভাগে ৰঙাপৰাত হাতীৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰাত ৰাইজে বিভাগটোক তীব্ৰ সমালোচনা কৰে।