কাকপথাৰঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিভিন্ন সভা-সমিতিয়ে সেউজ অসম গঢ়াৰ কথা কয় যদিও প্ৰকৃতাৰ্থত সেয়া হৈ উঠিছে নে? অসমৰ বনজ সম্পদ বন বিভাগৰ বিষয়া-কৰ্মীৰ হাতত সুৰক্ষিত নে? বন বিভাগৰ এচাম দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ অদূৰদৰ্শিতাৰ বাবে ৰাজ্যৰ বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত মুকলি পথাৰত পৰিণত হোৱাত এনেবোৰ প্ৰশ্ন উত্থাপন হৈছে।

যি সময়ত উচ্চতম ন্যায়ালয়ে গছ কটাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে সেই সময়তে তিনিচুকীয়া জিলাৰ ডিগবৈ বনাঞ্চলৰ আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ৱেষ্ট ব্লকত ডিগবৈ বন সংমণ্ডলৰ বিষয়া বিপুল বড়াৰ লগতে এচাম বন বিষয়া-কৰ্মচাৰীৰ সহযোগত একাংশ অসাধু লোকে প্ৰায় দুমাহৰ ভিতৰত বনাঞ্চলৰ মূল্যৱান গছসমূহ কাটি নিশাৰ ভিতৰতে বনাঞ্চলৰ পৰা নি অন্য ঠাইত মজুত কৰাৰ খবৰ ৰাইজে পোহৰলৈ আনিছে।

চলিত বৰ্ষৰ এপ্ৰিল-মে'ত ডিগবৈ বনাঞ্চলৰ আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ৱেষ্ট ব্লকত ধুমুহাত বনাঞ্চলত বহু গছ বাগৰি পৰাৰ লগতে আন বহু গছ সামান্যভাৱে বতাহত হালি গৈছিল৷ ডিগবৈ বনাঞ্চলৰ আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ৱেষ্ট ব্লকৰ বাগৰি পৰা গছৰ লগতে বতাহত হালি যোৱা গছবোৰ কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে৷

এচাম অসাধু লোকৰ সহযোগত বন বিষয়াই এনেদৰে বনাঞ্চলৰ গছ কাটি বেহা চলোৱাৰ মুকলি অভিযোগ উঠিছে। বন বিভাগৰ উচ্চস্তৰীয় বিষয়াক এই সন্দৰ্ভত গ্ৰীণ ৱাৰ্ড নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটাই অভিযোগ দাখিল কৰে যদিও উৰ্দ্ধতম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। বিপৰীতে উক্ত গছসমূহ বতাহত বাগৰি পৰা বুলি কৰ্তৃপক্ষলৈ এক প্ৰতিবেদন দাখিল কৰি দায় সাৰে৷

বনাঞ্চলত কাটি থোৱা গছসমূহ জব্দ কৰি কুণ্ডা আকাৰত উৰ্দ্ধতম কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে নিবিদাৰ ব্যৱস্থা কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে বন বিভাগে। যাৰ ফলত বনাঞ্চলসমূহ মুকলি পথাৰত পৰিণত হৈছে৷ স্থানীয় ৰাইজে বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক বনাঞ্চলখন শীঘ্ৰে পৰিদৰ্শন কৰি প্ৰকৃত সত্য স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনাইছে৷