
খাৰুপেটীয়াঃ ৰাজ্যত পুনৰ সংঘটিত হ'ল আন এক জঘন্য ধৰ্ষণ কাণ্ড। এইবাৰ দৰঙৰ খাৰুপেটীয়াত এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে ২৫ বছৰীয়া এজন যুৱকে। পাষণ্ড এই যুৱকজন হৈছে খাৰুপেটীয়াৰ ঘণশিমূলী(বালুগাঁৱ)ৰ ইছপ আলী।
প্ৰাপ্ত বাতৰি মতে, নাবালিকাগৰাকীক ফুৰিবলৈ বুলি ফুচুলাই মাতি নি কু-কৰ্ম সংঘটিত কৰে পাষণ্ড ইছপে। পিছত নাবালিকাগৰাকীয়ে মাতৃ আৰু জ্যেষ্ঠ ভগ্নীক কথাটো অৱগত কৰে। লগে লগে আৰক্ষীৰ কাষ চাপিবলৈ সাজু হয় পৰিয়ালৰ লোকসকল।
এই কথা জানিব পাৰি ধৰ্ষণকাৰী ঈছপে কেইজনমান বন্ধুৰ সৈতে মিলি উক্ত কথা কাকো অৱগত নকৰিবলৈ ধমকি প্ৰদান কৰে। আৰক্ষীৰ ওচৰলৈ গ'লে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে যুৱকজনে।
আশ্চৰ্যজনকভাৱে ধৰ্ষণকাৰী যুৱকজনৰ পৰিয়ালে চূড়ান্ত অমানৱীয়তাৰ পৰিচয় দি ধৰ্ষিতা নাবালিকাগৰাকীক চিকিৎসাৰ বাবে মাত্ৰ ২০০ টকা প্ৰদান কৰে। চিকিৎসালয়লৈ দূৰত্ব অধিক বাবে ২০০ টকা লৈ নাবালিকাগৰাকীক পৰিয়ালৰ লোকে ফাৰ্মাচীলৈ লৈ যায়। কিন্তু ফাৰ্মাচীৰ কৰ্মচাৰীসকলে তেনে চিকিৎসা সম্ভৱপৰ নহ'ব বুলি সদৰী কৰাত বিষয়টো সমগ্ৰ অঞ্চলটোতে ৰাষ্ট্ৰ হৈ পৰে।
উপয়ন্তৰ হৈ নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে অৱশেষত খাৰুপেটীয়া থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ওপৰত ভিত্তি কৰি ২৫৯/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি ধৰ্ষণকাৰী ইছপ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনহাতে নাবালিকাৰ ধৰ্ষণৰ মেডিকেল ৰিৰ্প'ট এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই বুলি আৰক্ষীসূত্ৰই জানিবলৈ দিছে।
(সম্পাদকৰ টোকাঃ এনে ঘটনাই বাৰে বাৰে সভ্য সমাজক কলংকিত কৰি আহিছে। বিগত কিছুদিন ধৰি আমাৰ ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে এনে ঘটনা। তালৈ চাই এইধৰণৰ ঘটনাৰ বা-বাতৰিবোৰ প্ৰকাশ কৰাতো উচিত নে অনুচিত সেই লৈ পঢ়ুৱৈসকলৰ মাজত চৰ্চা চলা দেখা গৈছে। বিষয়টো সম্পৰ্কত সিদ্ধান্তত উপনীত হোৱাতো সহজ নহয় যদিও এটা কথা ক'ব পাৰি যে সংবাদ মাধ্যম হৈছে সমাজৰ দাপোণস্বৰূপ। সমাজত যিবোৰ ঘটে সেইবোৰ সংবাদ মাধ্যমত প্ৰকাশ নোপোৱাকৈ থকাতো উচিত নহয়। সেয়ে অনিচ্ছাসত্বেও এনে ঘৃণনীয় বা-বাতৰিসমূহ প্ৰচাৰ কৰিবলগীয়া হয়।)