মাৰ্ঘেৰিটাঃ উজনি অসমত পুনৰ আৰক্ষীৰ জালত পৰিছে গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য। যোৱা ১৬ জুনত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰামপুৰ পাঁচ মাইলৰ পৰা আটক কৰা সংগঠনটোৰ ৰাজেশ লামা নামৰ সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি গোলাঘাটৰ চুঙাজানৰ পৰা উক্ত সদস্যজনক কৰায়ত্ত কৰে।

প্ৰাপ্ত বাতৰি মতে, ৰাজেশৰ স্বীকাৰোক্তি অনুসৰি আজি পুৱতি নিশা চুঙাজান অঞ্চলত অভিযান চলাই বাবু কোঁৱৰ নামৰ গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্যজনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।

ধৃত উগ্ৰপন্থী সদস্য বাবু কোঁৱৰক সম্প্ৰতি  জাগুণ আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, গোৰ্খালেণ্ডৰ দাবীৰে নতুনকৈ গঠিত হোৱা উগ্ৰপন্থী সংগঠনটোৱে সীমান্তৱৰ্তী অঞ্চলটোত কয়লা ব্যৱসায়ীকে ধৰি অন্যান্য ব্যৱসায়ীসকলৰ পৰা ব্যাপক ধনদাবী আৰম্ভ কৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

এনেদৰে ৰাজ্যত পুনৰাই আন এক উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ কৰা কাৰ্যই আৰক্ষীক চিন্তিত কৰি তুলিছে।