গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ অতি পুৰণি শিক্ষানুষ্ঠানখনেই হৈছে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়। শৈক্ষিক প্ৰাণকেন্দ্ৰস্বৰূপ বিদ্যালয়খনতেই ছাত্ৰ-ছাত্ৰীৰপৰা অতিৰিক্ত মাচুল সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে।

উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ নাম ভৰ্তিৰ বাবে অতিৰিক্ত মাচুল লোৱাৰ অভিযোগ তুলি মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰৰ সচিব নুৰুল ইছলামে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষক আব্দুল ওবাহাবৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী চকীত এটি এজাহাৰ দাখিল কৰিছে। 

ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষা বিভাগৰ নীতি  নিৰ্দেশনাক বুঢ়া আঙুলি দেখুওৱাই নিয়ম বৰ্হিভূত ভাবে ছাত্ৰ ছাত্ৰীৰ পৰা বিভিন্ন শিতানত ৯০০ টকাকৈ আদায় লোৱাৰ অভিযোগ তুলিছে মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰ, কামৰূপে। 

শিক্ষা বিভাগে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ লিখা পঢ়া আৰু নাম ভৰ্তিৰ সুবিধাৰ্থে সকলো মাচুল বিনামূলীয়া কৰাৰ সময়তে এনেদৰে গৰৈমাৰী অঞ্চলৰ একাংশ চৰকাৰী এম ই স্কুল, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত মাচুল আদায়ৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে। শিক্ষা বিভাগৰ নীতি-নিৰ্দেশনাক অৱমাননা কৰা এনে বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে।