
ডিফুঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ সচিব ডেভিদ তিমুঙৰ আজি মৃত্যু হয়৷ ডেভিদ তিমুঙ গুৱাহাটীৰ জিএনআৰচি হস্পিতালত ভৰ্তি হৈ আছিল৷ তিমুঙ কিছুদিনৰ পৰা মেলেৰীয়া, উচ্চ ৰক্তচাপৰ ৰোগত আক্ৰান্ত হৈ আছিল৷
যোৱা নিশা প্ৰায় ৪-৩০ বজাত প্ৰয়াত ডেভিদ তিমুঙ হস্পিতালতেই শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তিমুঙে পত্নীৰ লগতে দুটি সন্তান এৰি থৈ যায়৷ প্ৰয়াত তিমুঙ ১৯৯২ বৰ্ষৰ অসম অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷
তেও কাৰ্বি আংলঙ জিলাৰ বিভিন্ন উন্নয়ণ খণ্ডত খণ্ড উন্নয়ণ বিষয়া হিচাপে কাম কৰাৰ লগতে বৰ্তমান কাৰ্বি স্বায়ত্ত পৰিষদৰ সচিব পদত কৰ্মৰত আছিল৷ তিমুঙ এগৰাকী সু-গায়কৰ লগতে অনাতাৰ শিল্পীও আছিল ৷
কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে তেওৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
আনহাতে আজি বিয়লি কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যালয় চৌহদত তিমুঙৰ নশ্বৰ দেহত জিলা উপায়ুক্ত আদিল খান, আৰক্ষী অধীক্ষক ডঃ শিৱ প্ৰসাদ গাঞ্জালা, পৰিষদৰ বিষয়া-কৰ্মচাৰী আৰু গুণমূগ্ধই অন্তিম শ্ৰদ্ধা জনায়৷ জানিব পৰা মতে পৈতৃক গাঁও হামৰেণত প্ৰয়াত তিমুঙৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷