ডিফুঃ পাহাৰীয়া জিলাৰ সদৰ ডিফুত ডিফু সাহিত্য সভা আৰু ডিফু ক্লাৱে আজি ৰাভা দিবস পালন কৰে৷ কাৰ্যসূচী অনুসৰি ডিফু ৰাংচিনা ভৱনত কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিৰ সন্মূখত বন্তি প্ৰজলন কৰে জিলা সাহিত্য সভাৰ সভাপতি পাৰি ৰংপিয়ে৷

ইয়াৰ পিছতে প্ৰতিমূৰ্তিত মাল্যাৰ্পন অনুষ্ঠানৰ শুভাৰম্ভ কৰে ডিফু সাহিত্য সভাৰ সভাপতি ৰঞ্জিত সেনে৷ ডিফু সাহিত্য সভাৰ সভাপতি ৰঞ্জিত সেনে প্ৰয়াত ৰাভাৰ নীতি আদৰ্শৰ প্ৰাসংগকিতা আছে কাৰণে ৰাইজৰ লগতে তেওৰ বিৰোধিতা কৰা ৰজা ঘৰে ধাৰাবাহিকতা ৰক্ষা কৰি ৰাভা দিৱস পালন কৰি আহিছে৷

ডিফু সাহিত্য সভাৰ সম্পাদক মঞ্জু বৰা হাজৰিকাই আঁত ধৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ডিফু সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক গীতা বৰাই অসমৰ সমাজ জীৱনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু জ্যোতি প্ৰসাদৰ পিছতে কলাগুৰু গৰাকীয়ে তৃতীয় স্থান অধিকাৰ কৰি থাকিব বুলি মন্তব্য কৰে৷

অনুষ্ঠানত অসম সাহিত্য সভাৰ ৰাংছিনা ভৱনৰ সম্পাদক দেৱেন কাকতি, বিশিষ্ট লেখক তথা জিলা সাহিত্য সভাৰ উপ সভাপতি ধনছিং টেৰণকে ধৰি গণ্য-মান্য ব্যক্তি সকলৰ লগতে ৰাংছিনা ভৱনৰ কৰ্মী সকল উপস্থিত থাকে৷ আনহাতে ঐতিহাসিক ডিফু ক্লাৱতো গণ শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্বাঞ্জলী জ্ঞাপন কৰে৷