মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীৰ ব্ৰহ্মাজান গাঁও পঞ্চায়ত সভাকক্ষত আজি পেঙেৰী শাখা সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়।

শাখাৰ সভাপতি মহেন্দ্ৰ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে শাখাৰ সম্পাদক ৰত্ন গগৈয়ে। সভাত বক্তব্য ৰাখে শাখাৰ প্ৰাক্তন সভাপতি জ্যোতি কাকতি, ৰবীন মৰাণ, উদ্যোগী যুৱক অজিৎ গগৈয়ে৷

কাৰ্যসূচীত শিশু কণ্ঠ শিল্পী এনী দুৱৰা, ৰিয়া মৰাণ, কৃষ্টি শইকীয়া, আদিত্য গুহ, অন্বেষা বৰুৱা, ইচ্ছামণি বৰুৱা, কণ্ঠ শিল্পী হীৰকজ্যোতি বৰুৱা, ভৱেন মৰাণ, মঞ্জু ফুকন আৰু লাটেশ্বৰ চেতিয়াই ৰাভা সংগীত পৰিৱেশন কৰাৰ উপৰি অৰুণা চেতিয়া আৰু অপূৰ্ব শংকৰ মৰাণে স্বৰচিত কবিতা পাঠ কৰে।

সভাত আনুষ্ঠানিক ভাৱে জ্যোতি কাকতি, ৰবীন মৰাণ, মায়া কাকতি আৰু অৰুণা চেতিয়াক অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।