22
Jun
2017

মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত কলাকুছিৰ এগৰাকী বৃদ্ধ বিগত এসপ্তাহে নিখোজ হৈ আছে।
আব্দুল ৰেজেক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকী যোৱা শুকুৰবাৰে একে গাঁৱৰে সম্পৰ্কীয় লোকৰ ঘৰলৈ ওলাই গৈ নিখোজ হৈ আছে৷
যোৱা এসপ্তাহে বৃদ্ধ গৰাকীৰ শুংসুত্ৰ নোলোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি শুংসুত্ৰ নোপোৱাত অৱশেষত পৰিয়াল লোকে স্থানীয় আৰক্ষীৰ কাষ চাপে।
বৃদ্ধ গৰাকীৰ সম্ভেদ পালে ৭০৮৬৩৪৯৪৬২, ৮৪৭৩৮৭৬২৯৬ মোবাইল নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে আহবান জনাইছে।