ডিজিটেল ডেস্কঃ এনেকুৱা আইনো থাকিব পাৰেনে য’ত এজন আৰক্ষী বিষয়াক নিৰ্দেশ দিয়া হৈছে যে তেওঁৰ দাঁত ভালদৰে ব্ৰাছ কৰা হ’ব লাগিব৷ বুকু পাৰ চৰাইৰ দৰে লেতেৰা হ’লে, ভৰি চেপেটা আৰু ভোটা হ’লে চাকৰি হেৰুৱাব৷ এনেধৰণৰেই কেতবোৰ অদ্ভুত দফা সন্নিবিষ্ট হৈ আছে যান-বাহন আইন ১৯১৪ খনত৷

এনেকুৱা হাজাৰৰো অধিক আইন আছে যিবোৰৰ আধূনিক ভাৰতত মান্যতা কেৱল সংগ্ৰাহলয়ত ৰখাৰ জোখাৰেহে৷ এনেই আওপুৰণি আইনবোৰ বাতিল কৰাৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ৷ 

এনে বহুতো আইন আছে যিবোৰৰ শুনিলে আচৰিত নহৈ নোৱাৰি৷ বিশেষকৈ গংগা নদীত নাৱৰীয়াৰ কৰ আদায়ৰ আইন৷ আইনখনৰ মতে নদীখনত ফেৰীত যাত্ৰীৰপৰা টোল কৰ ২ আনাৰ ওপৰত হ’ব নোৱাৰিব৷

আওপুৰণি আৰু প্ৰাসংগিকতা নথকা আইন উঠাই লোৱাৰ ক্ষেত্ৰত মোদী চৰকাৰে এক অভিলেখ স্থাপন কৰিবলৈ আগবাঢ়িছে৷ 

স্বাধীনোত্তৰ কালত এনে ১৩০১ খন আইনহে উঠাই লোৱাৰ সময়তে এটা কাৰ্যকালৰে ৩ টা বছৰত ১২০০ ৰো অধিক আওপুৰণি আইন উঠাই লৈছে কেন্দ্ৰীয় চৰকাৰখনে৷ 

ইতিমধ্যে ১৮২৪ খন এনে কেন্দ্ৰীয় আইন চিনাক্ত কৰিছে চৰকাৰে৷ ৰাজ্যসভাই ইতিমধ্যে এনে ৪ খন বিধেয়ক গৃহীত কৰিছে৷