ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰৰ জামিয়া মছজিদৰ সমুখতে সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী বিষয়াক বৃহস্পতি বাৰে আবেলি নামাজৰ সময়তে উত্তেজিত জনতাই চোচৰাই নি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

উপ আৰক্ষী অধীক্ষক মহম্মদ আয়ুব পণ্ডিতক সুৰক্ষা আৰু তদাৰকীৰ দায়িত্বত মছজিদটোৰ বাহিৰতে তহল দি আছিল। আত্মৰক্ষাৰ বাবেই উত্তেজিত জনতাৰ ওপৰত গুলি চলোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে জনতা। প্ৰত্যুত্তৰত জনতাই সমূহীয়াকৈ আক্ৰমণ চলাই আৰক্ষী বিষয়াজনক আক্ৰমণ কৰি চোচৰাই লৈ যায়। তাতেই নৃশংস ভাৱে হত্যা কৰা হয় বিষয়াজনক।

ৰাজধানী চহৰখনৰ নাওহাট্টাত ঘটা এই ঘটনা ঘটাৰ সময়ত বিষয়া পণ্ডিত আৰক্ষীৰ পোচাকত নাছিল যদিও সন্দেহ কৰা হৈছে যে জনতাই আগৰে পৰা নজৰত ৰাখিছিল বিষয়াজনক। 

বহুসময়লৈ মৃত ব্যক্তিজন আৰক্ষী বিষয়া বুলি জানিব পৰা হোৱা নাছিল যদিও পিছলৈ পত্নিৰ ফোন অহাৰ পিছতেই সেইজন পণ্ডিত বুলি চিনাক্ত হয়। অঞ্চলটোত আজিৰে পৰা সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে।