ডিজিটেল ডেস্কঃ ফেচবুক, টুইটাৰত কমেন্ট কৰাৰ আগতে সাৱধান হওঁক আপুনি৷ নহ’লে আগপিছ নাচাই ছ’চিয়েল মিডিয়াত কমেন্ট কৰিলে চৰকাৰৰ ৰোষত পৰিব পাৰে ব্যৱহাৰকাৰী৷ 

কিয়নো ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ শেহতীয়াকৈ নতুন কাৰ্যপন্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ মূলতঃ দেশ বিৰোধী কাৰ্য্যৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে৷ 

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এক বৈঠকত এই কথাৰ ইংগিত পোৱা গৈছে৷ বৈঠকত কেতবোৰ নিৰাপত্তা এজেন্সীৰ সৈতে মিলিত হয় মন্ত্ৰীগৰাকী৷ ছ’চিয়েল মিডিয়াৰ বাবে এক নিৰ্দিষ্ট নিয়ম আৰু আইন প্ৰস্তুত সন্দৰ্ভত উক্ত বৈঠকত আলোচনা কৰা হয়৷ 

কেইদিনমানৰ ভিতৰতে এই সম্পৰ্কে এক খচৰাপ্ৰস্তুত কৰা হ’ব বুলি জানিব পৰা গৈছে৷  উক্ত খচৰাত কেনেধৰণ নিষেধাজ্ঞা নীতি অন্তৰ্ভূক্ত হ’ব সেই সম্পৰ্কে এতিয়ালৈ স্পষ্ট হোৱা নাই যদিও মূলতঃ দেশৰ সন্মান হানি তথা অপযশ সৃষ্টি কৰা কাৰ্যসমূহ ৰোধত গুৰুত্ব আৰোপ কৰাতো নিশ্চিত বুলি মত প্ৰকাশ কৰিছে গৃহ মন্ত্ৰণালয়ৰ এটি সূত্ৰই৷ 

ইফালে, ছ’চিয়েল মিডিয়াত বহুজনে সমালোচনা কৰিছে এই খচৰাৰ৷ মূলতঃ বিজেপি চৰকাৰ বিৰোধী কাৰ্যকলাপ ৰোধ কৰিবৰ বাবেহে এই খচৰা প্ৰস্তুতৰ পৰিকল্পনা যুগুত কৰা হৈছে বুলি বহুতে মত প্ৰকাশ কৰিছে।