25
Jun
2017

কামপুৰঃ আপোন ঘৰখন চকুৰ সমুখতে বন্যহস্তীয়ে ভাঙি পেলোৱাৰ ফলত সৰ্বশ্ৰান্ত হৈ পৰা এগৰাকী মহিলাই সাংবাদিকৰ কেমেৰাৰ সমুখতে হুকহুকাই কান্দে। নগাৱৰ কন্দলীৰ শগুনবাহীৰ এগৰাকী মহিলাৰ এই কান্দোন।
আজি পুনৰাই পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে চাৰিটাকৈ বাসগৃহ। অাতংকিত হৈ পৰে গাঁওবাসী। ঘটনাস্থলীত উপস্থিত হৈছে বনবিভাগ লোক।
ৰাজ্যত ব্যাপক হাৰত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ পিছতো বিষয়টোৰ সমাধানৰ বাবে কোনো সঠিক ব্যৱস্থা নলৈ এবাৰ কি দুবাৰ হাতী খেদিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে কঠীয়াতলী আঞ্চলিক বন বিষয়া গৰাকীৰ বিৰুদ্ধে।