ছিপাঝাৰঃ ছিপাঝাৰৰ ধানবাৰী চৰ অঞ্চলত ননৈ নদীত পৰি এটি দুবছৰীয়া শিশুৰ সলিল সমাধি ঘটে৷ ৰফিজুল ইছলাম নামৰ শিশু গৰাকীয়ে ননৈ নদীৰ গড়াত খেলি থকা অবস্থাত হঠাৎ পিচলি নদীত পৰি মৃত্যুক আকোৱালি লয়৷

পিতৃ-মাতৃয়ে কামত ব্যস্ত হৈ থকাৰ সময়তে সংঘটিত হয় এই কৰুণ ঘটনাটি৷ স্থানীয় ৰাইজৰ সহযোগত প্ৰায় দুঘন্টা পলমকৈ নদীৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ৷ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।