28
Jun
2017

ডিজিটেল ডেস্কঃ পুনৰ আহিছে ৰেনচামৱেৰৰ দৰে বিধ্বংসী ভাইৰাছ। অলপতে হোৱা ছাইবাৰ আক্ৰমণে বিশ্বজুৰি চাইবাৰ সুৰক্ষাৰ দিশটোক লৈ সকলোকে চিন্তিত কৰি তোলাৰ পিছতেই পুনৰাই ৰেনচামৱেৰ সদৃশ ভাইৰাছৰ আক্ৰমণত পৰিলক্ষিত হৈছে।
ৰাছিয়াৰ সৰ্ববৃহৎ তেল কোম্পানীৰপৰা আৰম্ভ কৰি ইউক্ৰেইনৰ বেংক আৰু ভিন্ন বহুজাতিক কোম্পানীৰ চিষ্টেমত আক্ৰমণ কৰাৰ পিছতে মঙলবাৰে ভাৰততো সোমাল এই ভাইৰাছ।
ভাৰতৰ সৰ্ববৃহৎ বন্দৰ জৱাহৰলাল নেহৰু প’ৰ্ট ট্ৰাষ্টত এই ভাইৰাছ সোমোৱাৰ ফলত তিনিটা টাৰ্মনেলৰ এটা সম্পুৰ্ণৰূপে বন্ধ কৰি দিব লগা হয় কৰ্তৃপক্ষই।
উল্লেখ্য যে ভাইৰাছত থকা কোডটোৰ নাম ইটাৰনেল ব্লু। বিশেষজ্ঞই সন্দেহ কৰা মতে এয়া মাৰ্কিন নেশ্যনেল চিকিউৰিটি এজেঞ্চীৰ পৰা চুৰি কৰা কোড। এই একে কোডেই অলপতে ৱানাক্ৰাই নামৰ ভাইৰাছ নিৰ্মাণত ব্যৱহৃত হৈছিল।