29
Jun
2017

ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ পিছতে দেশে প্ৰথমবাৰৰ বাবে লাভ কৰিছিল ২০০০ টকীয়া নোট। এইবাৰ ২০০ টকীয়া নোটৰ ছপা আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে কেবাসপ্তাহ পুৰ্বে দিয়া এক নিৰ্দেশমৰ্মে চৰকাৰী ছপাশাল এটাত এই ছপাৰ কাম আৰম্ভ হোৱা বুলি প্ৰকাশ পাইছে।
লেনদেন উজু কৰাৰ বাবেই ২০০ টকীয়া নোট ছপা কৰা বুলি জানিব পৰা গৈছে। জালিয়াতি কৰিব নোৱাৰাকৈ অত্যাধুনিক প্ৰযুক্তি খটোৱা হৈছে জানিব পৰা গৈছে।