শিমলুগুৰিঃ ঐতিহাসিক চৰাইদেউ মৈদাম পৰ্যবেক্ষন কৰিলে অসমৰ উপ-মুখ্য সচিব তথা পুৰাতত্ব বিভাগৰ কমিচনাৰ ভি ভি প্ৰাৰেলাল, অসম পৰ্যটন বিভাগৰ সচিব ললিত গগৈ, সঞ্চালিকা দীপি ৰেখা কুলি, চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন, সোণাৰিৰ বিধায়ক তপন গগৈয়ে। 

অসম চৰকাৰে ঐতিহাসিক চৰাইদেউৰ সমল সমূহ সংৰক্ষণ তথা পৰ্যটকৰ আকৰ্ষণীয় কৰি তুলিবলৈ এক কোটি টকা অসম পুৰাতত্ব বিভাগক আৱণ্টন দিয়াৰ পাছত চৰাইদেউ জিলাৰ বিভিন্ন ঐতিহাসিক স্থান সমূহত মঙলবাৰে উপস্থিত হৈ পৰ্যবেক্ষন কৰে। অতি শীঘ্ৰে চৰাইদেউ জিলাক এখন পৰ্যটকৰ আকৰ্ষণীয় কৰি তোলা হ’ব বুলি উল্লেখ কৰে।