প্ৰতিকী ফটো (সংগৃহীত)
প্ৰতিকী ফটো (সংগৃহীত)

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী এলেকাত কৰ্মৰত সেনা জোৱানে ৰাইফলসহ উগ্ৰপন্থীৰ শিবিৰত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।

জাহুৰ আহমেদ থোকাৰ নামৰ জোৱানজনে বাৰামুল্লাত বুধবাৰে নিশাৰ ভাগত ইউনিটৰ শিবিৰৰ পৰা উধাও হয়। লগত এ.কে. ৪৭ ৰাইফলটোও লৈ যোৱা বুলি সেনাৰ সূত্ৰত প্ৰকাশ পাইছে।

সেনা-আৰক্ষীয়ে যুটীয়াভাৱে জাহুৰৰ সন্ধান কৰিও কোনো সুংসূত্ৰ পোৱা নাই জোৱানজনৰ। পুলবামা জিলাৰ  জোৱানজনে ৰাইফলৰ লগতে তিনিটাকৈ মেগজিনো লৈ গৈছে।

আৰক্ষীৰ সূত্ৰ মতে সীমান্তবৰ্তী সেনাৰ ১৭৩ নং বেটেলিয়নৰ অভিযান্ত্ৰীক শাখাত আছিল উক্ত জোৱানজন।