
ডিজিটেল ডেস্কঃ সুৰা বুলিলেই মুখ কোছোৱা মানুহ বহু আছে সমাজত৷ কিন্তু বীয়েৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা আপুনি শুনিছেনে?
হয়, বীয়েৰক স্বাস্থ্যৰ বাবে ফলপ্ৰসূ বুলি দাবী কৰিছে অন্ধ্ৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী কে এছ জৱাহৰে৷ মন্ত্ৰীজনৰ ভাষ্য অনুসৰি বাকী সুৰাসমূহতকৈ বিয়েৰত এলক’হ’লৰ পৰিমাণ কম থাকে৷ সেইবাবে আন সুৰাতকৈ বীয়েৰ উপকাৰী৷
তদুপৰি ৰাজ্য চৰকাৰে অন্ধ্ৰ প্ৰদেশত বিয়েৰ প্ৰচলনত গুৰুত্ব দিব লাগে বুলিও মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মানুহৰ সুৰা পান কৰা অভ্যাস চৰকাৰে কমাব নোৱাৰে৷ কিন্তু য’ত এলক’হ’ল কম পৰিমাণে থাকে সেই সুৰা বজাৰত অধিক যোগান ধৰাৰ বাবে চেষ্টা কৰিব লাগিব৷
অন্ধ্ৰ প্ৰদেশৰ এটি স্থানীয় টিভি চেনেলৰ আগত নতুন আবকাৰী নিয়মসমূহৰ বিষয়ে আলোচনা কৰোতে এনেদৰে বীয়েৰ প্ৰেমৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷